ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ টংলা আৰু নগাঁৱৰ ভোটাইগাঁৱত নির্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ভোটাইগাঁৱত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁৱৰ খেলপথাৰত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্রার্থীগৰাকীক ভোট দিবলৈ যোৰহাটৰ পৰা আহ্বান জনায়। বড়ো, কাৰ্বি, আদিবাসী, ডিমাচা আৰু আলফাৰ লগত শান্তি চুক্তি কৰাৰ পাছত অসমলৈ শান্তি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমত কেৱল উন্নয়ন আৰু বিকাশৰ বাতাৱৰণ গঢ়ি উঠা বুলি উল্লেখ কৰি ড° শৰ্মাই বিজেপি চৰকাৰৰ বিভিন্ন সফলতাৰ বিষয়ে উনুকিয়ায়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াৰ হৈও মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলায়। ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। বিজেপি শাসনলৈ অহাৰ পূৰ্বে ৰাজ্যত উগ্ৰপন্থী সমস্যাকে ধৰি বিভিন্ন সমস্যাই প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও বিজেপি শাসনলৈ অহাৰ পাছত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে বুলি ড° শৰ্মাই প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক