ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত

ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত আছে। বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ বাবে জনসভা, সমাৱেশ আয়োজন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ ধুবুৰীত প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰা জিলাৰ লালাবৰি আৰু বৰদামালত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত প্ৰচাৰ চলায়।

আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ ৫খন গাঁও পঞ্চায়ত ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। ধাৰাপুৰ গাঁও পঞ্চায়তত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ তেওঁ অহা ৭ মেত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছত তেওঁ গড়ল, মাজিৰগাঁও, কাঁহিকুছি আৰু আজাৰা গাঁও পঞ্চায়তৰ ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৰপেটা লোকসভা সমষ্টিৰ এন ডি এৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁও জিলাৰ মাণিকপুৰত প্ৰচাৰ চলায়।

ইপিনে সাংসদ গৌৰৱ গগৈ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়নৰ হৈ নলবাৰীত নির্বাচনী প্ৰচাৰত অংশ লয়। নলবাৰীৰ বিলপাৰৰ পৰা বাইক ৰেলী কৰি সাংসদগৰাকীয়ে সমর্থক, দলীয় কৰ্মীৰ সৈতে প্ৰচাৰ চলায়।

এ আই ইউ ডি এফৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি গোৱালপাৰাত নির্বাচনী প্ৰচাৰ চলায়। আনহাতে বি পি এফ দলে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। বি পি এফপ্রধান হাগ্রামা মহিলাৰীয়ে জিলাখনৰ শান্তিপুৰ বজাৰত লোকসভা সমষ্টিৰ দলীয় প্রার্থী খাম্ফা বৰগয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ মহিলা কোষৰ সভানেত্ৰী অলকা লাম্বা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ দলটোৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ কামৰূপ জিলাৰ নগৰবেৰাৰ সীমান্ত অঞ্চলত প্ৰচাৰ চলায়।

ইপিনে চি পি আই এমৰ জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে বৰপেটা লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে বঙাইগাঁৱত উপস্থিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পূৰ্বে এখন সংবাদমেলত অংশ লৈ তেওঁ কয় যে, কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষাৰ বিষয়টোত চিপিআইএম দলে আই এন ডি আই মিত্ৰজোঁটৰ সদস্য হিচাপে একমত হ’লেও অন্য বিষয়সমূহত দলটোৰ সৈতে মতবিৰোধ আছে। বাক্সা জিলাৰ শালবাৰীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী সভাত অংশ লয়।

ইপিনে বিজেপি যুৱ মঞ্চৰ উদ্যোগত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁও চহৰৰ মাজেৰে বাইক ৰেলী উলিওৱা হয়। ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অগপ দলৰ ভালেসংখ্যক কর্মীয়ে এই সমদলত অংশ লয়।

অধিক পঢ়ক

সকলো চাওক