ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কেইবাগৰাকীও প্ৰাৰ্থীৰ প্ৰচাৰ

ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। দৰং ওদালগুৰি সমষ্টিৰ আই এন ডি আই মিত্ৰজোটৰ সমর্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিভিন্ন স্থানত জনসভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ কেইবাটাও স্থানত আয়োজিত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে বিজেপিৰ কাৰ্যকালৰ বিফলতাসমূহৰ বিষয়ে উনুকিয়ায়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰাজবংশীৰ হৈ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। ধুবুৰীৰ বাসন্তিপুৰত এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমলৰ হৈ বিধায়ক নজৰুল ইছলাম, প্রাক্তন বিধায়ক হাফিজ বচিৰ কাচিমীয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। আনহাতে, বদৰুদ্দদ্দিন আজমলে নগাঁও সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ ধিঙত প্ৰচাৰ অভিযান চলায়। ইপিনে, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে নির্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ মাজতে অসুস্থ হৈ পৰে। প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ কাৰ্য সামৰি চিকিৎসাৰ বাবে নগাঁৱলৈ ৰাওনা হয়। নগাঁও লোকসভা সমষ্টিৰ লাহৰিঘাটত মন্ত্ৰী পীয়ুষ হাজৰিকাই ৪ খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক সমালোচনা কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানকে ধৰি স্থানীয় জনসাধাৰণক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে।

অধিক পঢ়ক

সকলো চাওক