বৰপেটা-বজালীত তৃতীয় পৰ্যায়ৰ লোকসভা নির্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

অহা ৭ মে’ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এহেজাৰ ৩৫১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। এই পৰ্যায়ত দুহেজাৰ ৯৬৩ গৰাকী প্ৰাৰ্থীয়ে ১৫টা সংসদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল। ইপিনে, অসমত এই পৰ্যায়ত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে।

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ’বলগীয়া বৰপেটা আৰু বজালীত উপস্থিত হৈ নির্বাচনী প্ৰস্তুতিৰ বুজ লয়। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গ, নির্বাচনী বিষয়া ময়ুৰাক্ষী দত্তৰ সৈতে নিৰাপত্তাৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। ইয়াৰ পাছতে গোৱেলে বৰপেটা নিৰ্বাচনী জিলাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰে। আনহাতে, বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বজালী নিৰ্বাচনী জিলাত উপস্থিত হৈ গোৱেলে প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপন কৰিবলগীয়া ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক