তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে আন দলসমূহৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত উপস্থিত হয়। ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই তেওঁক বিমানবন্দৰতে আদৰণি জনায়। শ্রীশ্বাহে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। তেওঁ গুৱাহাটীৰ চাইকেল ফেক্টৰী তিনিআলিৰ পৰা লালগণেশলৈ প্ৰায় ২ কিলোমিটাৰ দূৰত্ব ৰোড শ্ব’ত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায়। শ্ৰীশ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও ৰোড শ্ব’ত উপস্থিত থাকে। ৰোড শ্ব’ৰ সময়ছোৱাত পথৰ দুয়োকাষে হাজাৰ হাজাৰ জনসাধাৰণে ব্যাপক উৎসাহ-উদ্দীপনাৰে শ্রীশ্বাহক অভিবাদন জনায়। ঠায়ে ঠায়ে বিভিন্ন জনগোষ্ঠীয় নৃত্য, গীতেৰে সমৃদ্ধ সাংস্কৃতিক কাৰ্যসূচীৰে মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয়।

ইপিনে, গুৱাহাটী লোক সভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি ডিমৰীয়া সমষ্টিৰ তাতিমৰাৰ লগতে ঠাকুৰকুছি নির্বাচনী প্ৰচাৰ চলায় ৰাইজৰ সৈতে মত বিনিময় কৰে। একেখন আসনৰ বাবে কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰেও আজি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। তেওঁ খানাপাৰাত ৰাইজৰ সৈত মত বিনিময় কৰি সংবিধান ৰক্ষাৰ স্বাৰ্থত বিবেকেৰে ভোট দিবলৈ আহ্বান জনায়। প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত চি পি আই এম এলৰ উদ্যোগত মহানগৰৰ পৰা গ্ৰামাঞ্চললৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আজি দলটোৰ উদ্যোগত পানীখাইতি পঞ্চায়তৰ অন্তৰ্গত বীৰকুছি, তালতলা, পানীখাইতি, ৰাজাবাৰী, ছপাইডাং, বোন্দা অঞ্চলৰ বিভিন্ন গাঁৱৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ লগতে পথ সভা অনুষ্ঠিত হয়।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ কেইবাটাও স্থানত বৰপেটা সমষ্টিৰ বিজেপি মিত্রজোঁট সমর্থিত প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। তেওঁ বৰক্ষেত্ৰী, হাজো আৰু সৰুপেটাত প্ৰচাৰ চলায়। মন্ত্ৰী পীযূষ হাজৰিকাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বাক্সা জিলাৰ বৰমাত প্ৰচাৰ চলায়।

ইপিনে, মানকাচৰ বিধানসভা সমষ্টিত ধুবুৰী সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে কেইবাখনো নির্বাচনী সভাত অংশ লয়।

আনহাতে অসম গণ পৰিষদ দলৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ উদ্যোগত মিত্ৰজোঁট তথা অগপ প্রার্থী জাবেদ ইছলামৰ সমৰ্থনত গোৱালপাৰা চহৰৰ হাতীপাৰাত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত অগপ নেতা তথা মন্ত্ৰী অতুল বৰাই অংগ্ৰহণ কৰে। ইয়াৰ উপৰি তেওঁ গোৱালপাৰাৰ হেলাপাখিৰি আৰু চেঁচাপানীত অনুষ্ঠিত নির্বাচনী সভাত অংশ লৈ বিজেপি সমর্থিত প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক