ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দ্বিতা, দ্বিতীয় পৰ্যায়ত ৬১গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যৰ ৪টা সমষ্টিৰ বাবে হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। কালি তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা হৈছে। ২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। কৰিমগঞ্জত ২৪, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্রার্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে প্রতিদ্বন্দ্বিতা কৰিব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰছিং টিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নাড চাংমাই প্রতিদ্বন্দ্বিতা কৰিব। সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্রিকভাৱে ৮ দশমিক ৬ শতাংশ মহিলা প্রার্থী আছে। এই পর্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্রার্থী ৮ দশমিক ২ শতাংশ আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক ২৫ গৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে, কৰ্ণাটকত ২১ গৰাকী আৰু উত্তৰ প্ৰদেশত ১০ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক