লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিজেপি প্রার্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব। বিপিএফৰ প্ৰাৰ্থী দুর্গাদাস বড়োৱে দৰঙত আজি নির্বাচনী প্ৰচাৰ চলাব।
ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। আনহাতে, বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিছ’ৰ হৈ প্ৰচাৰ চলায়। বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজানত আয়োজিত নির্বাচনী সভাত প্ৰচাৰ চলাই ড০ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভৰ সম্পৰ্কত প্রবল আত্মবিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ পাছত ড০ শৰ্মাই হাওৰাঘাট আৰু বৈঠালাংছত আন দুখন নির্বাচনী সভাতো অংশগ্ৰহণ কৰে। পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱায়ো দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এ প্রার্থী দিলীপ শইকীয়াৰ হৈ কালি জিলাখনৰ চাৰিখন ঠাইত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অগপৰ জ্যেষ্ঠ নেতা তথা কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিউ-কৰিমগঞ্জৰ শিলচৰ ৰোডত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। ইফালে, ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কালি গোৱালপাৰাৰ ডুবাপাৰাত নির্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ প্রতিদ্বন্দ্বী এ আই ইউ ডি এফ আৰু শাসকীয় পক্ষক তীব্র সমালোচনা কৰে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী প্রদ্যুৎ বৰদলৈয়েও ৰূপহীহাটৰ বৰালীমাৰিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, দ্বিতীয় পর্যায়ত ৰাজ্যখনত ৫টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। ইফালে, অহা ৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। গুৱাহাটীৰ চানমাৰি খেলপথাৰত আজি বিয়লি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত এখন জনসভাৰ আয়োজন কৰা হৈছে। এই সভাত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ মুখপাত্র সুপ্রিয়া শ্রীনেটে অংশগ্রহণ কৰিব। আনহাতে, বিজেপি তথা মিত্ৰজোঁটৰ মনোনীত প্রার্থী বিজুলী কলিতা মেধিয়ে আজি ক্ষেত্ৰী, ধূপগুৰি, টপাতলী গাঁও পঞ্চায়ত তথা সোণাপুৰ মণ্ডলৰ কেইবাখনো ৰাজহুৱা সভাত ভাগ ল’ব।