ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭৫.৯৫ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি ৰাজ্যত সামগ্ৰিকভাৱে ৭৫.৯৫ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটাধিকাৰীসকলে কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত সামৰি লোৱা ৫টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকী মহিলা প্রার্থী। ইয়াৰ ভিতৰত ৩ গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। শোণিতপুৰ সমষ্টিত ৭৪.৮১ শতাংশ, কাজিৰঙা সমষ্টিত ৭৫.৭৯ শতাংশ, ডিব্ৰুগড় লোকসভা সমষ্টিত ৭৬.৭৪ শতাংশ, লখিমপুৰ সমষ্টিত ৭২.৬৫ শতাংশ আৰু যোৰহাটত ৭৯. ৪৮ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক