ৰাজ্যৰ ৫টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত প্ৰায় ৭১ শতাংশ ভোটদান

ৰাজ্যৰ ৫ টা সমষ্টিত আজি শান্তিপূর্ণভাৱে লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজা পর্যন্ত ৰাজ্যখনত প্ৰায় ৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ৮৬ লাখ ৪৭ হাজাৰ ৮৬৯ গৰাকী। ইয়াৰে ৪২ লাখ ৮২ হাজাৰ ৮৮৭জন পুৰুষ হোৱাৰ বিপৰীতে ৪৩ লাখ ৬৪ হাজাৰ ৮৫৯ গৰাকী মহিলা। তদুপৰি ১২৩ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৫ টা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪ গৰাকী মহিলা প্ৰাৰ্থী। ইয়াৰ ভিতৰত ৩ গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিয়লি ৫ বজালৈ লাভ কৰা তথ্য অনুসৰি শোণিতপুৰ সমষ্টিত ৬৯ দশমিক ৮৪ শতাংশ, কাজিৰঙা সমষ্টিত ৬৮ দশমিক ৯-০ শতাংশ, ডিব্ৰুগড় লোকসভা সমষ্টিত ৭০ দশমিক ৬-৫ শতাংশ, লখিমপুৰ সমষ্টিত ৬৮ দশমিক ৩-৪ শতাংশ আৰু যোৰহাটত ৭৬ দশমিক ২-০ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, ৰণজিৎ দত্ত, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, তপন কুমাৰ গগৈকে ধৰি কেইবাগৰাকীও আগশাৰী নেতাৰ ৰাজনৈতিক ভাগ্য আজি ই ভি এমত বন্দী হৈছে।

উল্লেখযোগ্য যে, শোণিতপুৰ সমষ্টিৰ পৰা ৮ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ৩ গৰাকী, কাজিৰঙাৰ পৰা এঘাৰ গৰাকী, লখিমপুৰৰ ৯ গৰাকী, আৰু যোৰহাট সমষ্টিৰ ৪ গৰাকীকে ধৰি ৩৫ গৰাকী প্ৰাৰ্থীয়ে আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিৰ সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত ভোটদান কৰে। আজি ভোটগ্রহণ অনুষ্ঠিত ১৪ খন জিলাত ভোটদাতাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। এইবেলি ৰাজ্যত পূৰণি ভোটদাতাসকলৰ সমান্তৰালকৈ নতুন ভোটদাতাৰো ব্যাপক অংশগ্রহণ পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূত শাৰী পাতি ভোটদাতাসকলে ভিৰ কৰা পৰিলক্ষিত হয়। জ্যেষ্ঠ নাগৰিকসকলেও বিপুল উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সমবেত হয়। কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে শাৰিৰীক অসুস্থতা সত্ত্বেও নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। তদুপৰি বিশেষভাৱে সক্ষম নাগৰিকসকলকো ব্যাপক উৎসাহেৰে ভোটদান কৰা দেখিবলৈ পোৱা যায়। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ ১৩৬ নম্বৰ কলাখোৱা এল পি স্কুলৰ ভোটগ্রহণ কেন্দ্রতো বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিছে। ৯২৬ গৰাকী ভোটাৰ থকা এই বিশেষ কেন্দ্ৰটোত ভোটদাতাসকলে ব্যাপক হাৰত ভোটদান কৰা পৰিলক্ষিত হৈছে। আনহাতে, চৰাইদেউ নির্বাচনী জিলাৰ অধীনৰ ৪ টা ভোটগ্রহণ কেন্দ্ৰ কেৱল মহিলাই পৰিচালনা কৰিছে। মহিলা বিষয়াসকলে পৰিচালনা কৰা ভোটগ্রহণ কেন্দ্ৰকেইটাত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়।

অধিক পঢ়ক

সকলো চাওক