তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনা আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। বিজেপি প্রার্থীগৰাকীৰ সমৰ্থনত আয়োজিত জনসভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য্য, অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। ইপিনে, বৰপেটা লোকসভা সমষ্টিৰ চি পি আই এম প্রার্থী মনোৰঞ্জন তালুকদাৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বৰপেটা পৌৰ সভাৰ খেলপথাৰত অনুষ্ঠিত এখন জনসভাত উদ্ধৱ বৰ্মন, হেমেন দাসসহ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰপেটা লোকসভা সমষ্টিৰ বাবে মুঠ ১৫ গৰাকী প্ৰাৰ্থী মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা তথা সমদলৰ আয়োজন কৰা হয়। অসম তৃণমূল কংগেছে আজি বৰপেটাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই জিলা কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি সমষ্টিটোৰ বিকাশৰ বাবে ৯ টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে বুলি সদৰি কৰে। কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্রার্থী খাম্ফা বৰগয়াৰীয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰে।

অধিক পঢ়ক

সকলো চাওক