লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত মনোনয়ন দাখিল কৰা হৈছে৷ এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন লোকসভা আসনৰ বাবে অহা ২৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব। আউটাৰ মণিপুৰ সমষ্টিৰ এটা অংশত প্ৰথম পর্যায়ত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত কেৰালাৰ ২০টা সমষ্টি, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ সমষ্টি, মধ্যপ্ৰদেশৰ ৭টা সমষ্টি, অসম আৰু বিহাৰৰ ৫টাকৈ সমষ্টি, পশ্চিমবংগ আৰু চত্তিশগড়ৰ ৩টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এটাকৈ সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক