ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

ৰাজ্যত তৃতীয় পৰ্যায়ত অহা ৭ মে’ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভোটগ্রহণ হ’বলগীয়া সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লায়িং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলসমূহে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ধৰা পেলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। নির্বাচন হবলগীয়া ৪ টা সমষ্টি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ অন্তৰ্গত অঞ্চলসমূহত নির্বাচন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত যুৱ ভোটদাতাসকলক ভোটদানৰ বাবে আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ইপিনে, নির্বাচন সুকলমে পৰিচালনাৰ বাবে ভোটগ্রহণ হ’বলগীয়া কেন্দ্ৰসমূহত নিৰ্বাচনী আয়োগৰ নিৰ্দেশনামৰ্মে সুৰক্ষা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ জিলা নির্বাচন বিভাগসমূহে নিশ্চিত কৰিছে। ধুবুৰী সমষ্টিৰ অন্তৰ্গত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত স্থাপন কৰা বিশেষ ভোটগ্রহণ কেন্দ্ৰত নির্বাচনী দায়িত্বত নিয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ ডাকবেলটযোগে ভোটগ্ৰহণ কৰা হৈছে। যোৱা ২৭ এপ্ৰিলৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত স্থাপন কৰা ভোটগ্রহণ কেন্দ্ৰত এই বিষয়াসকলে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ আন এটা বিশেষ ভোটগ্রহণ কেন্দ্ৰত আৰক্ষী, বেটেলিয়ন আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। কাইলৈ সাংবাদিকসকলে ডাকবেলটযোগে ভোটদান কৰিব। উল্লেখযোগ্য যে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰী সমষ্টিৰ বাবে ৩৪৭টা ভোটগ্রহণ কেন্দ্ৰত তৃতীয় পৰ্যায়ৰ বাবে ডেৰ শতাধিক প্রিজাইডিং আৰু পোলিং বিষয়া নিয়োগ কৰা হ’ব। তেওঁলোকক ইতিমধ্যে তিনিটা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। ইপিনে, তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত ৭ মে’ত বেতনসহ ছুটীৰ দিন ঘোষণা কৰা হৈছে। এই অনুসৰি সেই দিনটোত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, উদ্যোগ প্ৰতিষ্ঠান, বেংক আদিৰ কৰ্মচাৰীসকলে বেতনসহ ছুটী লাভ কৰিব। তদুপৰি, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ৫ মে’ৰ বিয়লি পাঁচ বজাৰ পৰা ৭ মে’ৰ বিয়লি পাঁচ বজালৈ সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। বঙাইগাঁও জিলাৰ আয়ুক্তই এই ঘোষণা কৰি এই সময়ছোৱাত জিলাখনৰ সকলো ধৰণৰ সুৰাৰ পণ্যাগাৰ, বিপণী আদি বন্ধ ৰখাৰ লগতে বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই আদেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব। আনহাতে, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত ভোটদাতাৰ সজাগতা কাৰ্যসূচী অব্যাহত আছে।

কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ সাংবাদিকতা আৰু মিডিয়া ষ্টাডিজ বিভাগে আজি ছুডমাৰ্ছন হলত মূকাভিনয়ৰ জৰিয়তে পাৱাৰ টু ভোট শীৰ্ষক এটি ভোটৰ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই এই অভিযান মুকলি কৰি ছাত্রসমাজক ভোটদানৰ বাবে আহ্বান জনায়। সজাগতা অভিযানত মূকাভিনয়ৰ জৰিয়তে ভোটদানৰ গুৰুত্ব, স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ভাবুকিসমূহ প্ৰতিফলিত কৰা হয়। অনুষ্ঠানৰ শেষত উপস্থিত থকা সকলোৱে নিৰ্বাচনত ভোটদান কৰাৰ শপতগ্ৰহণ কৰে। বাক্সা জিলা প্রশাসনে আজি জিলাখনত ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট পৰিৱেশন কৰে। জিলাখনৰ অঞ্চলি চ’কত আজি স্বচ্ছ ভাৰত অভিযান গ্রামীণৰ বাক্সা জিলাৰ উদ্যোগত আৰু স্থানীয় আত্মসহায়ক গোটৰ সহযোগত বাটৰ নাটখন পৰিৱেশন কৰা হয়। এই নাটখনৰ জৰিয়তে ভোটদাতাসকলক প্ৰতিটো ভোটৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ উপৰি কোনো প্রলোভনৰ বশৱৰ্তী নোহোৱাকৈ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনোৱা হয়। লোকসভা নিৰ্বাচনত অধিক সংখ্যক ভোটদাতাৰ অংশগ্রহণ নিশ্চিত কৰাৰ বাবে কামৰূপ নির্বাচনী জিলাৰ উদ্যোগত হাজোৰ বামুন্দি মহাবিদ্যালয়ত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ অর্থাৎ ছুইট কোষৰ উদ্যোগত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশ হিচাপে চিত্রশিল্পী ৰবীন ব’ৰে বালিত অংকন কৰা চিত্ৰৰ এটা সজাগতামূলক ভিডিঅ’ মুকলি কৰা হয়। জিলাখনৰ উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই সকলোকে ৭ মে’ৰ দিনা ভোটদান কৰিবলৈ আহ্বান জনায়। তদুপৰি নতুন ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰোৱাবলৈ প্ৰস্তুত কৰা বেলট ইউনিটৰ থ্রী-ডি প্ৰতিৰূপ ব্যৱহাৰ কৰি ভোটদানৰ অভিজ্ঞতা অনুভৱ কৰাৰ সুযোগ দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক