ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০০৪ চনত কংগ্ৰেছ দলৰ কিৰিপ চলিহাই প্রতিনিধিত্ব কৰিছিল। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকে প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটোত ইয়াৰ পূৰ্বে ২০১৪ চনত এ আই ইউ ডি এফৰ হৈ চিৰাজুদ্দিন আজমল জয়ী হৈছিল। এই লোকসভা সমষ্টিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বঙাইগাঁও, বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ ১০টা বিধানসভা সমষ্টি সামৰি লৈছে। বৰপেটা সমষ্টিত প্ৰায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোৱে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ ৯টা বিধানসভা সমষ্টি সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো সম্প্রতি সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে বি পি এফৰ ছানছুমা খুংগুৰ বিছমুথিয়াৰে সমষ্টিটোক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো এ আই ইউ ডি এফৰ হৈ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে ২০০৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। এই সমষ্টিটোত ১৫ লাখৰো অধিক ভোটদাতা আছে। আনহাতে, সমষ্টিটোৱে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ ১১টা বিধানসভা সমষ্টি সামৰি লৈছে।

অধিক পঢ়ক

সকলো চাওক