ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ সভাত অংশগ্ৰহণ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম গোৱালপাৰাত গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই দ্বৈত ইঞ্জিনৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভত স্থানীয় জনসাধাৰণৰ সৈতে কথা পাতে। তেওঁ কয় যে, চৰকাৰে জিলাখনত বান আৰু খহনীয়াৰ সমস্যা প্রতিহত কৰাৰ উদ্দেশ্যে বহুমুখী কৌশল গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত ৰাজ্য চৰকাৰে পুনৰ ৫০ হাজাৰ নিবনুৱাক সংস্থাপন দিব বুলি প্রতিশ্রুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই বৰপেটা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ অভয়াপুৰীত আয়োজিত নির্বাচনী সভাত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিত আয়োজিত বিজয় সংকল্প যাত্রাতো অংশগ্ৰহণ কৰে।

কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে আজি দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ মনোনীত প্রার্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক