প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ নির্বাচনী প্ৰচাৰ তীব্ৰতৰ

অহা ১৯ এপ্রিলত প্রথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ প্ৰাৰ্থীৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্রী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে আজিৰে পৰা অসমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ চলাব। আজি পুৱা ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পিছত তেওঁ বিয়লিৰ ভাগত দুলীয়াজানত এটা ৰোড শ্ব’ত অংশগ্রহণ কৰিব। কাইলৈ তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিয়মৰ লগতে মাৰ্ঘেৰিটাত মটৰ চাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল’ব। আনহাতে পৰহিলৈ তেওঁ তেজপুৰত এটা ৰোড শ্ব’ত অংশ ল’ব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লুৰিনজ্যোতি গগৈয়ে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ জাগুন পঞ্চায়ত, লেখাপানী, কুমচাই পঞ্চায়ত, লিডু পঞ্চায়ত, কমাৰপট্টী পঞ্চায়ত, মাৰ্ঘেৰিটা বজাৰ আৰু ছেগুনবাৰী বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাব। বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ, বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ডিব্ৰুগড়ত কালি এটা ৰোড শ্ব’ত অংশ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চৌকিডিঙি খেলপথাৰৰ পৰা ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে ৰোড শ্ব’ত ভাগ লৈ থানা চাৰিআলিত উপস্থিত হয়।

সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাহোলা পূবেৰুণ সংঘ খেলপথাৰ, কৰ্দৈগুৰি, হাতীজান, ৰাজগড়আলি চাহ বাগিচা খেলপথাৰ আদিত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ লগতে মাকুম প্ৰেছ ক্লাবৰ সংবাদিকসকলৰ সৈতে মত বিনিময় আৰু পদযাত্ৰাত অংশ ল’ব। ইপিনে, লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই আজি ঢকুৱাখনা সমষ্টিৰ বাসুদেৱ নৰোৱা সত্ৰ, গোবিন্দপুৰ চাৰিআলি, পশ্চিম ঢকুৱাখনা খেলপথাৰ আৰু ৰঙানদী সমষ্টিৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্রসাদ তাছাই আজি টেঙানি খকনগুৰি, পশ্চিম নাওজান সমবায় সমিতি খেলপথাৰ, চুঙাজান বসন্ত উৎসৱ খেলপথাৰ আৰু ১ নম্বৰ সোণালী পথাৰ ৰাজহুৱা খেলপথাৰত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনত এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মুঠ ১৪খন আসনৰ ১১খনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে দুখনকৈ আসন ক্ৰমে বৰপেটা আৰু ধুবুৰী আৰু ইউ পি পি এলে কোকৰাঝাৰত প্রার্থী নিক্ষেপ কৰিছে। এই ১৪টা লোকসভা সমষ্টিৰ বাবে অহা ১৯, ২৬ এপ্ৰিল আৰু ৭ মে’ত মুঠ তিনিটা পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক