দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ লগে লগে ভোটগ্রহণৰ বাবে নির্বাচনী জিলাসমূহৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে ভোটগ্রহণৰ বাবে সংশ্লিষ্ট নির্বাচনী জিলাসমূহে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছে৷ নির্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৫০ শতাংশ ভোটকেন্দ্ৰত ৱেৱ কাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তানসম্ভৱা আৰু প্ৰসুতি মাতৃসকলৰ বাবে অধিক সময় অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা থাকিব। ভোটগ্রহণ কেন্দ্ৰসমূহত দিব্যাংগসকলৰ বাবে ৰেম্পৰ লগতে খোৱাপানী, বিজুলী আদিৰ যোগান নিশ্চিত কৰা হৈছে। এইবাৰ দৃষ্টিহীন ভোটদাতাসকলৰ বাবে ব্রেইল পদ্ধতিৰে ভোটদানৰ সুবিধা ৰখা হৈছে। ইপিনে, কৰিমগঞ্জ সংসদীয় সমষ্টিৰ বাবে জিলা নির্বাচনী বিষয়া মৃদুল যাদৱে আজি নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি সম্পর্কে এখন সংবাদমেলযোগে অৱগত কৰে। তেওঁ নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ লগতে ৰাজনৈতিক দল, প্রার্থী আৰু ভোটদাতাসকলক নির্বাচন সম্পৰ্কীয় নীতি-নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায়। আনহাতে, সমষ্টিটোত দূৰণিবটীয়া ভোটকেন্দ্ৰসমূহলৈ যাবলগীয়া বিষয়া কৰ্মচাৰীসকলক প্ৰয়োজনীয় সা-সামগ্রী বিতৰণ আজি আৰম্ভ হৈছে। কৰিমগঞ্জ জিলাৰ এহেজাৰ ৫৮ টা ভোটকেন্দ্ৰৰ ভিতৰত ৮৩ টাৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে প্রয়োজনীয় সামগ্রী লাভ কৰিছে। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাত ৯ লাখ ৩৫ হাজাৰৰো অধিক ভোটদাতা আছে। ইয়াৰ ভিতৰত ৪ লাখ ৭৫ হাজাৰৰো অধিক পুৰুষ আৰু ৪ লাখ ৬০ হাজাৰৰো অধিক মহিলা ভোটদাতা। জিলাখনৰ ভোটকেন্দ্ৰসমূহৰ ভিতৰত ৯৪ টা স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। আনহাতে ১১ টা ভোটকেন্দ্র মহিলা বিষয়াই পৰিচালনা কৰিব আৰু আন এঘাৰটা আদর্শ ভোটগ্রহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। জিলাখনত ৫৮১ টা ভোটকেন্দ্রত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক