ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰিছে। আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। এই পৰ্যায়ত ৰাজ্যৰ ৫ টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত মুঠ ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াৰ হৈ সমষ্টিটোৰ মাজবাট, কমলপুৰৰ লগতে জালুকবাৰীতো নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে মাজবাটৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্প খেলপথাৰত আয়োজিত সমাৱেশত দিয়া ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বড়োলেণ্ডলৈ শান্তিৰ পৰিবেশ ঘুৰি আহিছে বুলি মন্তব্য কৰে। আনহাতে, অহা জুলাই মাহত ৰাজ্যখনত আৰু ৫০ হাজাৰটা চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ড° শৰ্মাই লাহৰিঘাটত নগাওঁ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে।

ইফালে কৰিমগঞ্জত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ বিজেপি প্রার্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ৰেলপথলৈকে সকলো দিশতে উন্নয়ন সম্ভৱ হৈ উঠিছে।

ইপিনে, নগাওঁ সংসদীয় সমষ্টিৰ অন্তৰ্গত ধিঙত আজি বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই সমষ্টিটোৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। এই সভাত কেইবাগৰাকীও কংগ্ৰেছ দলৰ সদস্যই বিজেপিত যোগ দিয়ে।

গুৱাহাটী সমষ্টিৰ বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক