দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত প্ৰচাৰ চলায়। বি পি এফৰ মুৰব্বীগৰাকীয়ে আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ দলটোৰ প্ৰাৰ্থী দুর্গাদাস বড়োৰ হৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰত নির্বাচনী প্ৰচাৰ চলায়। ইপিনে, তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া ৪ টা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত আছে। আজি ধুবুৰী লোকসভা সমষ্টিৰ অধীনত মানকাচৰৰ হাটশিঙিমাৰীত অসম গণ পৰিষদ দলৰ এটা নিৰ্বাচনী কার্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
Site Admin | April 24, 2024 6:48 PM | Assam lok sabha election
ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীৰ বিভিন্ন স্থানত প্ৰচাৰ
