ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বিজনী মহকুমাধিপতি কাৰ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আৰু বঙাইগাঁও নামনি অসম চিকিৎসালয় গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত আয়োজিত এই ৰক্ত শিবিৰত কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীৰ ২০গৰাকী জোৱানে ৰক্তদান কৰে। আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ প্রস্তুতি সন্দৰ্ভত আজি ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত জিলা নির্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি জিলা নির্বাচনী বিষয়াগৰাকীয়ে ভোটাৰৰ সুবিধা হোৱাকৈ টল ফ্ৰী নম্বৰ ১৯৫০ আৰু মোবাইল নম্বৰ ৮৮৭৬০-৮০৪১৯ মুকলি কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটগ্ৰহণৰ সময়ত জনসাধাৰণে সন্মুখীন হব পৰা যিকোনো সমস্যাৰ ক্ষেত্ৰত এই ফোন নম্বৰ দুটা ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব বুলি সদৰি কৰে। সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্ৰসমূহত আইন-শৃংখলা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ সদৰি কৰে। ইপিনে, ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলঙৰ দূৰণিবটীয়া ভোটগ্রহণ কেন্দ্ৰসমূহলৈ ইতিমধ্যে প্রিজাইডিং আৰু প’লিং বিষয়াকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা হৈছে। কাৰ্বি আংলং নির্বাচনী জিলাত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৪৪৮টা। একেদৰে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং নির্বাচনী জিলাৰ ৪৩টা দুর্গম ভোটগ্রহণ কেন্দ্ৰলৈ ইতিমধ্যে নির্বাচনী বিষয়াসকল ৰাওনা হৈছে।

অধিক পঢ়ক

সকলো চাওক