ৰাজ্যত কাইলৈ অন্ত পৰিব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, আজি নাগ্ৰীজুলিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

ৰাজ্যত ২৬ এপ্রিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত দৰং- ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ অন্ত পৰিব। ইয়াৰ সমান্তৰালকৈ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযান অব্যাহত আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি দৰং-ওদালগুৰি সমষ্টিৰ অন্তৰ্গত নাগ্রীজুলিত হ’বলগীয়া এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ আগমনক লৈ মিত্ৰজোঁট বিজেপি, অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ নেতা কৰ্মীসকলে ব্যাপক প্রস্তুতি চলাইছে। সমষ্টিটোৰ এন ডি এৰ প্ৰাৰ্থী দিলীপ শ‍ইকীয়াৰ হৈ কালি মন্ত্ৰী অশোক সিংঘলে তামুলপুৰত প্ৰচাৰ চলায়। তেওঁ তামুলপুৰ বিধানসভা সমষ্টিৰ ৪টা স্থানত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই প্ৰচাৰ সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে।

গুৱাহাটী লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কালি ক্ষেত্ৰী গাঁও পঞ্চায়ত আৰু ধূপগুৰি গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। তেওঁ বিয়লি সোণাপুৰত এটা সমদলতো অংশগ্ৰহণ কৰে।

সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মহানগৰৰ চানমাৰিত কালি এখন বৃহৎ প্ৰচাৰ সভাৰ আয়োজন কৰে। এই সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা সুপ্রিয়া শ্ৰীনেটে প্রধানমন্ত্ৰীৰ লগতে বিজেপিক তীব্র সমালোচনা কৰে। এই সভাত কংগ্ৰেছৰ আন এগৰাকী ৰাষ্ট্ৰীয় নেতা মহিমা সিঙো উপস্থিত আছিল। বৰপেটা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীৰ চাউলীয়াবড়িত প্ৰচাৰ চলায়। বিজেপি নেতা তথা মন্ত্রী পীয়ূষ হাজৰিকাই নগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মৰিগাঁও জিলাৰ ভূৰবন্ধাত কালি প্ৰচাৰ চলায়। সমষ্টিটোৰ কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ সন্মিলিত বিৰোধীয়ে কালি ব্যাপক প্ৰচাৰ চলায়। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক