ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ, আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত মুখ্যমন্ত্ৰীৰ নির্বাচনী সভা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদকে ধৰি বিৰোধী কংগ্ৰেছ, আম আদমী পাৰ্টী, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰ, মৰিয়নী আৰু নাজিৰাত নির্বাচনী সভাত ভাগ ল’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্রার্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাব। ইপিনে, অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তইও মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

আনহাতে, যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। সমষ্টিটোৰ অন্তর্গত আটাইকেইটা বিধানসভা সমষ্টিত কংগ্ৰেছ, চি পি আই এম, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।

বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি তামুলপুৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে কালি নাহৰকটীয়াত কেইবাখনো নির্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে। প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰত ব্যাপক সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। শ্ৰী গগৈৰ প্ৰচাৰ অভিযানত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও বিৰোধী ৰাজনৈতিক নেতাই অংশগ্রহণ কৰে।

ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি চৰাইদেউত যোৰহাট সমষ্টিৰ বিজেপি প্রার্থী তপন গগৈৰ হৈ প্ৰচাৰ চলায়। চৰাইদেউ বিধানসভা সমষ্টিৰ তিনিটা স্থানত তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে শিৱসাগৰ নগৰত অনুষ্ঠিত নির্বাচনী সভাতো তপন গগৈক ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায়।

মন্ত্ৰী পীযূষ হাজৰিকাই যোৰহাট সমষ্টিৰ অন্তৰ্গত ঘৰফলীয়াত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। গৌৰৱ গগৈয়ে যোৰহাটৰ গড়মূৰত দলীয় সমর্থকক লৈ মটৰ চাইকেল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ চলায়।

ইপিনে, নগাঁও সমষ্টিৰ কংগ্ৰেছ প্রার্থী প্ৰদ্যুৎ বৰদলৈ আৰু কাজিৰঙা সমষ্টিৰ ৰ’জলীনা তিৰ্কীয়েও প্ৰচাৰ অব্যাহত ৰাখিছে। নৱগঠিত কাজিৰঙা সমষ্টিৰ অন্তৰ্গত ৰাজাগাঁও, বৰপথাৰ, শিঙিমাৰী আৰু বকুলগুৰিত ৰ’জলীনা তিৰ্কীয়ে কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰে। নিৰ্বাচনী সভাত প্রার্থীগৰাকীক জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শ‍ইকীয়াই সহযোগ কৰে। আনহাতে, চিৰাঙৰ বিজনীত বিজেপিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ৫ শতাধিক যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে। কোকৰাঝাৰতো ইউ পি পি এলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটাত অসম গণ পৰিষদৰ বুথ সমিতিৰ এখন কর্মীসভা আজি অনুষ্ঠিত হয়। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্রার্থী ফণীভূষণ চৌধুৰীৰ কাৰ্যালয়ত অনুষ্ঠিত কর্মীসভাত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে। বিভিন্ন বুধ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা এই সভাখনত কলিতাই বুধ শক্তিশালী কৰিবলৈ সকলোকে সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক