ডাউনলোড
মোবাইল এপ

android apple
signal

অসম বিধানসভাৰ দ্বাদশ দিনাও শাসক বিৰোধীৰ মাজত বিভিন্ন বিষয় লৈ বিতৰ্ক অনুষ্ঠিত

অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্রিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভর্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্য কালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শ‍ইকীয়াই কয়, যে ধুবুৰী জিলাৰ পৰা ভালেসংখ্যক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল আৰু সাংসদগৰাকীৰ এনে মন্তব্যই সমগ্ৰ ধুবুৰীবাসীৰ লগতে অসমবাসীকো অপমানিত কৰিছে। যদি কোনো বাংলাদেশী নাগৰিক জিলাখনত আছে তেওঁলোকক চিনাক্ত কৰি বহিষ্কাৰ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব বুলি শ‍ইকীয়াই মন্তব্য কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দেৱব্ৰত শ‍ইকীয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি কয়, যে এই বিষয়টো পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব। বিৰোধী দলপতিগৰাকীয়ে ইয়াৰ পাছত সমগ্ৰ ৰাজ্যজুৰি কালি প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অনুদান পত্ৰ প্ৰদান অনুষ্ঠানলৈ বটদ্ৰৱাৰ বিধায়ক শিৰামণি বৰাক আমন্ত্ৰণ নকৰাৰ বাবে সদনত চৰকাৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তোলে। এই বিষয়টোলৈ সদনত বহু সময় ধৰি শাসক-বিৰোধীৰ মাজত তর্ক-বিতর্কও হয়। বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত বৰপেটাৰ জিলা আয়ুক্তই জিলাখনত বৈঠক অনুষ্ঠিত কৰাক লৈ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কৰি এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা হ’ব নে নাই বুলি প্রশ্ন উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিষয়টোও পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে। ইপিনে জলসিঞ্চন বিভাগ আৰু নলা-নৰ্দমাত জমা হোৱা পানী তথা জাবৰ নিষ্কাষণৰ বাবে ব্যৱহাৰ কৰা ছুপাৰ ছাকাৰ বাহন ক্ৰয়ৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ তুলি বিৰোধীপক্ষই সভা স্থগিত প্ৰস্তাৱ উত্থাপনৰ অনুমতি বিচাৰে। কিন্তু অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰাত বিৰোধী পক্ষৰ সদস্যসকলে এই বিষয়ত এখন সদন কমিটি গঠন কৰিবলৈ দাবী জনায়। কংগ্ৰেছ, এ আই উই ডি এফ, চি পি এম আৰু ৰাইজৰ দলে সদন কমিটি গঠনৰ বিষয়টোৰ প্রতি সমর্থন জনায়। কিন্তু অধ্যক্ষই এই বিষয়টো অমান্তি হোৱাত বিৰোধী পক্ষৰ সদস্যসকলে হাতে হাতে প্লে কার্ড লৈ সদনৰ মজিয়ালৈ উঠি গৈ ধর্না দিবলৈ ধৰে। বিৰোধী সদস্যসকলে বহু সময় ধৰি প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে ।

অধিক পঢ়ক

সকলো চাওক