ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে এটা সম্প্ৰদায়ৰ প্ৰতি অসন্মানজনক মন্তব্য কৰা বুলি অভিযোগ কৰি বিৰোধী এ আই ইউ ডি এফে তেওঁৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপনৰ দাবী অধ্যক্ষই প্রত্যাক্ষান কৰাক লৈ আজি অসম বিধানসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আজি সদনত প্রশ্নোত্তৰ কালৰ পাছতে এ আই ইউ ডি এফৰ সদস্য ৰফিকুল ইছলাম আৰু অন্যান্যসকলে মন্ত্রী অশোক সিংহলে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰসংগ উত্থাপন কৰে আৰু বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ইয়াৰ অনুমতি নিদিয়াত দলটোৰ সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি আহি ধবনি দিবলৈ ধৰে আৰু সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰিস্থিতিত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়। সদন পুনৰ মিলিত হোৱাৰ পাছত পুনৰ হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হোৱাত অধ্যক্ষই কংগ্ৰেছৰ আব্দুল কালাম ৰছিদ আলম, ৰাইজৰ দলৰ অখিল গগৈ আৰু এ আই ইউ ডি এফৰ আশ্রাফুল হকক সদনৰ পৰা বহিষ্কাৰ কৰে। সেই সময়ত সভাপতি আসনত থকা উপাধ্যক্ষ ড° নোমল মমিনে এয়া সদনৰ ভিতৰৰ বিষয় নহয় বুলি মন্তব্য কৰাত পৰিস্থিতি পুনৰবাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু ইয়াৰ ফলত সদনৰ কাৰ্যক্ৰমণিকা ২০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পাছত সদনৰ কামকাজ পুনৰ আৰম্ভ হোৱাত এ আই ইউ ডি এফৰ বিধায়কসকলে একেটা বিষয়কে লৈ হুলস্থূল কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ বিধায়কসকলক উপাধ্যক্ষই ১০ মিনিটৰ বাবে সদনৰ পৰা নিলম্বন কৰে।
Site Admin | March 4, 2025 7:26 PM | Assam Legislative Assembly
এটা বিশেষ সম্প্রদায়ক লৈ অশোক সিংহলে দিয়া মন্তব্যক লৈ আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
