বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত ১০ মাৰ্চত ৰাজ্যিক বাজেট দাখিল কৰিব। এইখন হ’ব ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ শেষৰখন পূৰ্ণাংগ বাজেট। কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ পাছত কাইলৈৰপৰা দিছপুৰৰ বিধানসভা ভৱনত অধিৱেশনৰ পৰৱৰ্তী কার্যক্রমণিকা অনুষ্ঠিত হ’ব। বিৰোধী দলসমূহে সদনত মূল্যবৃদ্ধি, আইন-শৃংখলা পৰিস্থিতি, দুর্বল আন্তঃগাঁথনি আৰু অসামৰিক যোগানকে ধৰি বিভিন্ন বিষয়ত চৰকাৰক আক্ৰমণৰ বাবে ৰণনীতি তৈয়াৰ কৰিছে। অসম বিধানসভা সচিবালয়ে প্রকাশ কৰা দিনপঞ্জী অনুসৰি এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪ দিন কাম-কাজ চলিব।
কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত কালি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজন কৰা অসম বিধানসভাৰ এই অধিবেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই মত ব্যক্ত কৰে।