অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত

বিৰোধীৰ দুবাৰকৈ সদন ত্যাগ, সদন স্থগিত প্ৰস্তাৱ উত্থাপনৰ মাজেৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সকলো ধৰণৰ চাকৰিত এতিয়াৰেপৰা চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বিষয়ে ঘোষণা কৰে। চাহ-বাগিচা অঞ্চলৰ বাট-পথৰ উন্নয়নৰ বাবে ৯০০ কোটি টকা ধাৰ্য কৰা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ উপৰি চৰকাৰৰ আন বিভাগে যুগুতোৱা বহু আঁচনিয়ে চাহ জনগোষ্ঠী তথা আদিবাসীসকলক উপকৃত কৰিছে। চৰকাৰৰ সমাগত নিযুক্তি মেলাত চাহ জনগোষ্ঠী আৰু আদিবাসী যুৱক-যুৱতীসকলে মেধা আৰু অন্যান্য পিছপৰা জাতি হিচাপে নিযুক্তি লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। কেইখনমান চাহ বাগিছাত স্থাপন হ’বলগীয়া মুঠ ১০খন মহাবিদ্যালয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰস্তাৱিত মহাবিদ্যালয়সমূহত একমাত্র চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়েহে অধ্যয়ন কৰিব পাৰিব। ইপিনে, মথাউৰিসমূহৰ নিৰীক্ষণৰ দায়িত্ব গাঁওৰক্ষী বাহিনীক দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসম গাঁও প্ৰতিৰক্ষা বাহিনী (সংশোধনী) বিধেয়কৰ জৰিয়তে সংগঠনটোৰ সংজ্ঞা, কৰ্তব্য আৰু কাৰ্য, সমিতিসমূহৰ গঠন, প্রশাসন আৰু নিয়ন্ত্ৰণ, পাৰিতোষিক ইত্যাদি বিষয়ত কেতবোৰ সংশোধনীৰ জৰিয়তে গাঁওৰক্ষী বাহিনীক শক্তিশালী আৰু আধুনিকীকৰণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক