অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে ৷ ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ ২৭৩টা। আনহাতে ছামগুৰি সমষ্টিত এক লাখ ৮০ হাজাৰ ৬৬৯ গৰাকী ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে ৯১ হাজাৰ ৬২৭ গৰাকী ৷ মহিলা ভোটদাতাৰ সংখ্যা হৈছে ৮৯ হাজাৰ ৩৬ গৰাকী । সমষ্টিটোত ৬ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে ৷ ইয়াৰ লগতে সমষ্টিটোত ১৯৭টা ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে । বঙাইগাঁও সমষ্টিত এক লাখ ৮২ হাজাৰ ৩৫৪ গৰাকী ভোটদাতা আছে। ইয়াৰে পুৰুষ ভোটদাতা হৈছে ৮৯ হাজাৰ ৫১০ গৰাকী । মহিলা ভোটদাতাৰ সংখ্যা হৈছে ৯২ হাজাৰ ৮৪২ গৰাকী । সমষ্টিটোত দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ইয়াৰ লগতে সমষ্টিটোত বুথপৰ্যায়ৰ বিষয়া ২৪৬ গৰাকী আছে ৷

অধিক পঢ়ক

সকলো চাওক