চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৬৯,৮৯০ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত ২৫,৪৩৭ গৰাকী প্ৰথম বিভাগত, ১৮,২০১ গৰাকী দ্বিতীয় বিভাগত আৰু ৫,৫৪৯ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত ৬,১৯২ গৰাকী প্ৰথম বিভাগত, ৬,০৫২ গৰাকী দ্বিতীয় বিভাগত আৰু ৩,১১২ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে বৃত্তিমুখী শাখাত ১৬৩ গৰাকী প্ৰথম বিভাগত, ৪৪৫ গৰাকী দ্বিতীয় বিভাগত আৰু ১৪০ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীর্ণ হয়। ফলাফলত প্ৰকাশ পোৱা মতে এইবাৰৰ পৰীক্ষাত কলা শাখাত বাক্সা জিলাই প্রথম স্থান, নলবাৰী জিলাই দ্বিতীয় আৰু দৰং জিলাই তৃতীয় স্থান লাভ কৰিছে। আনহাতে বিজ্ঞান শাখাত তামুলপুৰ আৰু শিৱসাগৰ জিলাই প্রথম স্থান লাভ কৰাৰ বিপৰীতে বাক্সা আৰু যোৰহাট জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু কামৰূপ জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে বাণিজ্য শাখাত বজালী জিলাই প্রথম স্থান, বাক্সা আৰু তামুলপুৰ জিলাই দ্বিতীয় স্থান আৰু বৰপেটা আৰু নগাঁও জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক