অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ঘটাইছে। শিক্ষা সংসদৰ সচিবে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অহা ১৫ মে পর্যন্ত অনলাইন আবেদন দাখিল কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ দ্বাৰা ১৬ৰ পৰা ১৮ মে’ৰ ভিতৰত বাছনি তালিকা আৰু অপেক্ষাৰত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰা হ’ব। আনহাতে, ২০ মে’ৰ পুৱা ৯ বজাত প্ৰভিজনেল বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা প্ৰকাশ কৰা হ’ব। ২০ৰ পৰা ২৬ মে’ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে নামভর্তি কৰিব লাগিব। আনহাতে ২৭ৰ পৰা ৩০ মে’ৰ ভিতৰত শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা দৰ্পন পোৰ্টেলত নামভৰ্তি নিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।