September 11, 2024 6:40 PM | Assam govt requitment

printer

স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰৰ অসম লোক পৰীক্ষা আইন ২০২৪ গ্রহণ

নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্চ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা) আইন ২০২৪ গ্রহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্ত শাসিত সংস্থা অথবা কর্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰ লগতে প্রশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ কৰা। এই আইন অমান্য কৰা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰিক্ষাৰ্থীসকলক তিনি বছৰ পর্যন্ত কাৰাদণ্ড বিহাৰ লগতে ন্যূনতম ১ লাখ টকা জৰিমনা বিহা হব। জৰিমণা আদায় দিব নোৱাৰিলে ৯ মাহ কাৰাদণ্ড বিহা হব। কুচক্ৰ আৰু নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীসকলক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হব। নকল কার্যত লিপ্ত বুলি প্ৰমাণিত হলে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে দুবছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কুচক্ৰ আৰু নকল কার্যত জড়িত পৰীক্ষকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ লগতে পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্রত জড়িত থকাসকলৰ অসৎ পন্থাৰে আৰ্জিত সা-সম্পত্তি বাজেয়াপ্তকৰণ কৰা হব। ঠিক সেইদৰে পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেতিয়া হলে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সন্থাটোৱে বহন কৰাৰ লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হব। ৰাজ্যিক প্ৰত্যক্ষ নিযুক্তি আয়োগৰ দ্বাৰা অহা ১৫ ছেপ্তেম্বৰত হবলগীয়া তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত খানাপাৰাত অনুষ্ঠিত সংবাদমেলত আয়োগৰ অধ্যক্ষ অজয় তিৱাৰীয়ে কয় যে অহা ১৫ ছেপ্তেম্বৰত হবলগীয়া এই পৰীক্ষা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ নিযুক্তি পৰীক্ষা। এই পৰীক্ষাত ২৮ খন জিলাৰ দুহেজাৰ ৩০৫ টা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত ৪২৯ টা কেন্দ্ৰ স্পৰ্শকাতৰ। প্ৰশ্নকাকতসমূহ ৰখাৰ বাবে ষ্ট্ৰংক্ৰমৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে স্ট্রং ৰূমত চি চি টি ভি কেমেৰা, আৰক্ষী পহৰাৰ ব্যৱস্থা কৰা হৈছে। চি চি টি ভি ব্যৱস্থা নথকা কেন্দ্ৰত ভিডিঅগ্ৰাফী কৰা হব। ইয়াৰ লগতে পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসার্ধ্য্যৰ ভিতৰত অন্য লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলৰ যাতায়াতত যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে বাহনৰ সুচল ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই প্ৰাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ১২ খন অতিৰিক্ত ৰেলৰ ব্যৱস্থা কৰিব।

অধিক পঢ়ক

সকলো চাওক