ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2024 12:21 PM | Assam govt recuitment

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনৰ যাৱতীয় প্রস্তুতি

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্রসাশনসমূহে যাৱতীয় প্রস্তুতি চলাইছে। যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে কালি পৰীক্ষা কেন্দ্ৰসমূহৰ নিয়মীয়া পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়। পৰীক্ষা কেন্দ্ৰ থকা বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি আয়ুক্তগৰাকীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ইপিনে জিলাখনৰ পৰিবহণ বিষয়াগৰাকীয়ে পৰীক্ষাৰ দিনা যাতায়াত ব্যৱস্থা সুচল কৰি ৰখাৰ উদ্দেশ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চৰাইদেউ জিলাতো ১৫ ছেপ্তেম্বৰ, ১৯ ছেপ্তেম্বৰ আৰু ২৭ অক্টোবৰত হবলগীয়া ৰাজ্যিক নিযুক্তি আয়োগৰ তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা স্বচ্ছ, শান্তিপূৰ্ণ আৰু ত্রুটিহীন ভাবে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রসাশনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে ইতিমধ্যে ২৪ ঘণ্টাই সক্ৰিয়া হৈ থকাকৈ এটা নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। সেই অনুসৰি জিলা নিয়ন্ত্রণ কক্ষৰ মবাইল নম্বৰ ৬০০২৬–৭০৫০১ ত কিবা ওজৰ-আপত্তি থাকিলে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক