অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম চৰকাৰে পূৰ্ব ঘোষিত মুখ্যমন্ত্রী নিযুত ম‍ইনা আঁচনিখন ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰি কয় যে, ৰাজ্যৰ মন্ত্ৰীসভাই আজি এই আঁচনিখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই আঁচনি অনুসৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে এহেজাৰ টকাকৈ লাভ কৰিব। গৰমৰ বন্ধৰ দুটা মাহক বাদ দি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমগ্ৰ সময়ছোৱাত প্ৰতি মাহৰ ১১ তাৰিখে সংশ্লিষ্ট ছাত্ৰীগৰাকীৰ একাউণ্টত এই ধন সোমাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, তিনিবছৰীয়া অথবা চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলৰ বাবে এই আঁচনিৰ ধনৰ পৰিমান হ’ল এহেজাৰ ২৫০ টকা। আনহাতে বি এড পাঠ্যক্রমকে ধৰি স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ২ হাজাৰ ৫০০ টকাকৈ লাভ কৰি বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। বাল্য বিবাহ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ কোনো বিবাহিতা ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব।

অধিক পঢ়ক

সকলো চাওক