ৰাজ্য চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব

■ অসম চৰকাৰে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় সংস্কৰণ অহা ৫ চেপ্তেম্বৰত আৰম্ভ কৰিব। এই প্ৰচেষ্টাৰ অধীনত ৰাজ্য চৰকাৰে উচ্চ শিক্ষাৰ বিত্তীয় সাহায্যৰ বাবে লোৱা ঋণৰ ওপৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য আগবঢ়াব। অসমৰ স্থায়ী বাসিন্দা ছাত্র-ছাত্রীয়েহে এই সুবিধা লাভ কৰিব পাৰিব । আঁচনিখনৰ অধীনত উপকৃত হোৱাৰ বাবে অনুমোদিত শিক্ষা ঋণৰ পৰিমাণ ন্যূনতম ২ লাখ টকা হ’ব লাগিব। আনহাতে, এই আচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ গ্রহণ কৰিব পাৰিব। জন প্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী নাইবা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ সন্তানে আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ইপিনে, বেংকৰ দ্বাৰা অ-কাৰ্যকৰী সম্পদ হিচাপে শ্রেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহব।

অধিক পঢ়ক

সকলো চাওক