September 6, 2024 1:29 PM | Assam Govt

printer

এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

ৰাজ্য চৰকাৰে এণ্ডিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাসমূহৰ অচলাৱস্থা দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অতিথিশালাত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোম্পানীটোৰ অধীনস্থ টিংখাং আৰু ৰাজগড় চাহ বাগিচাকে ধৰি ৰাজ্যখনৰ কেইবাখনো বাগিচাত কৰ্তৃপক্ষই কৰ্মচাৰীৰ দৰমহা, শ্ৰমিকৰ মজুৰি আৰু ৰেচন আদায় দিব নোৱৰাৰ ফলত বাগিচাকেইখনত উদ্ভৱ হোৱা অচলাৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত পৰৱৰ্তী ১০ দিনৰ ভিতৰত শ্রমিক সংগঠনসমূহৰ সৈতে আলোচনা কৰি বোনাছৰ সমস্যাটো সমাধান কৰাৰ বাবে কোম্পানীৰ অধ্যক্ষক নিৰ্দেশ দিয়া হয়। ৰাজ্য চৰকাৰে অন্যান্য চাহ বাগিচাসমূহক অহা ১৫ দিনৰ ভিতৰত বোনাছ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত এণ্ডিউ ইউল এণ্ড কোম্পানীকো একেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে সংশ্লিষ্ট উর্ধতন কর্তৃপক্ষৰ সৈতে আলোচনাৰ জৰিয়তে বাগিচাকেইখন চলোৱাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিবলৈকো কালিৰ বৈঠকত কোম্পানী কৰ্তৃপক্ষক নির্দেশ দিয়া হয়। উল্লেখযোগ্য যে, ৰাজহুৱা খণ্ডৰ অধীনস্থ কোম্পানীটোৰ বাগিচাকেইখনত উদ্ভৱ হোৱা সমস্যাৰ ফলত শ্ৰমিকসকলে আন কামৰ সন্ধান কৰিবলগীয়া হোৱাত চাহপাত তোলাৰ পৰিৱৰ্তে কাচিৰে কাটি পেলাবলগীয়া হৈছে। কালিৰ বৈঠকত সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে এন্ড্রিউ ইউল এণ্ড কোম্পানীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অনন্ত মোহন সিঙেও অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক