September 6, 2024 1:13 PM | Assam govt requitment

printer

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া আজি আৰম্ভ কৰিব। সেই অনুসৰি পদসমূহৰ বিপৰীতে সাংস্কৃতিক, ক্রীড়া, এন চি চিৰ দৰে পাঠ্যক্ৰম বহিৰ্ভূত কার্যকলাপৰে জড়িত থকাৰ প্ৰমাণ-পত্ৰৰে শিক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলক আজি পুৱা চাৰে ১১ বজাত কাহিলীপাৰাত অৱস্থিত প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হ’বলগীয়া পৰীক্ষণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। বিয়লি চাৰে ৫ বজালৈ এই নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া চলিব। প্রাপ্ত তথ্য অনুসৰি ৫ হাজাৰ ৫৫০টা পদৰ বিপৰীতে সাংস্কৃতিক ক্ষেত্ৰত এহেজাৰ ৩১জনে, ক্রীড়াৰ ক্ষেত্ৰত ৪৭০জনে, এন চি চিৰ ক্ষেত্ৰত ৩৫৫জনে আবেদন জনাইছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্ৰকাশ কৰা ৫ হাজাৰ ৫৫০টা পদৰ ভিতৰত ৩ হাজাৰ ৮০০টা পদ হৈছে নিম্ন প্রাথমিক শিক্ষকৰ আৰু এহেজাৰ ৭৫০টা পদ হৈছে উচ্চ প্রাথমিক শিক্ষকৰ। ইপিনে, বিজ্ঞাপন অনুসৰি পাঠ্যক্ৰম বহির্ভূত কার্যকলাপৰে জড়িত থকাৰ প্ৰমাণপত্ৰসহ শিক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে সৰ্বাধিক ৫ নম্বৰ লাভ কৰিব বুলি শিক্ষা সঞ্চালকালয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে এই পদসমূহৰ বাবে যোৱা বছৰৰ ২৬ ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত প্রার্থীসকলে আবেদন দাখিল কৰিছিল। ৰাজ্য চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ অংশ হিচাপে এই পদসমূহ পূৰণৰ বাবে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ ২ জানুৱাৰীত আৰম্ভ হোৱাৰ পাছত আজিৰেপৰা আবেদনকাৰী প্ৰাৰ্থীসকলৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক