September 5, 2024 12:49 PM | Assam Govt

printer

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা এই আঁচনিখনৰ প’ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষার্থীৰ লগতে বৰ্তমানৰ সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা গ্রহণ কৰিব পাৰিব। আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষার্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে যোগ্য বিবেচিত হোৱা শিক্ষাৰ্থীসকলে আৱাসিক প্রমাণ-পত্র, পৰিচয় পত্র, ঠিকনাৰ প্ৰমাণ- পত্ৰ, বেংক ঋণৰ নথিপত্ৰৰ লগতে অভিভাৱকৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ দি dids.assam.gov.in ৰ জৰিয়তে অথবা ১৮০০-২০২৬-২৫৬ নম্বৰ যোগাযোগ কৰি অভিনন্দন আঁচনিত আবেদন কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক