September 3, 2024 12:27 PM | Assam Govt

printer

২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সনৰ বাবে আবেদন আহ্বান

ৰাজ্য চৰকাৰৰ ২০২৪-২৫ বিত্তিয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে শিল্পীসকলৰপৰা প্ৰয়োজনীয় প্ৰমাণপত্ৰ সহ আবেদনপত্ৰ বিচৰা হৈছে। সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি আবেদনপত্ৰ www.directorculture.assam.gov.in www.silpisammanassam.comত কালিৰে পৰা উপলব্ধ হৈছে। আবেদনপত্ৰসমূহ ১৫ অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ জাননীত উল্লেক কৰা হৈছে। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইন যোগে দাখিল কৰা আবেদন গ্রহণ যোগ্য বুলি বিবেচনা কৰা নহ’ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনৰ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবর্গ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ আবেদনকাৰী দিব্যাংগ শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন দাখিল কৰাত সহায় কৰিব। সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ ৱেবছাইটত পোৱা যাব ।