উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ‘বলগীয়া প্ৰাৰ্থীসকলৰ প্ৰৱেশপত্ৰ আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে। সংশ্লিষ্ট প্রার্থীসকলে www.assam.gov.in আৰু www.site.sebaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰা অনুসৰি অহা ১৫ ছেপ্তেম্বৰত তিনি হাজাৰ ১২৭ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ‘ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২ হাজাৰ ৬০০ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপন অনুসৰি তৃতীয় বৰ্গৰ বাবে ১৮ লাখ ৫০ হাজাৰ আৰু চতুৰ্থ বৰ্গৰ বাবে ১৩ লাখ ৭০ হাজাৰ গৰাকী প্ৰাৰ্থীয়ে আবেদন জনাইছে।
Site Admin | September 2, 2024 7:45 PM | Assam Govt
অহা ১৫ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ৩,১২৭ পদৰ বাবে লিখিত পৰীক্ষা
