ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এই অভিযানে মাদক দ্ৰব্যৰ প্ৰচলন অধিক হিচাপে চিনাক্ত হোৱা ১০ খন জিলাৰ এহেজাৰখন গাঁও সামৰি ল‘ব। এই জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ধুবুৰী, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাৰ্বিআংলং, কাছাৰ আৰু কৰিমগঞ্জ। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই আজি চাৰিখন মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেড ৰিবণ ক্লাবক এইচ আই ভি আৰু এইচ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বাবে মানপত্ৰ প্ৰদান কৰে। মাজুলী জিলাৰ আয়ুক্ত ড° কাবেৰী বি শৰ্মাৰ উপস্থিতিত আজি জিলা প্ৰশাসনৰ সকলো বিষয়া- কৰ্মচাৰীয়ে নিচামুক্ত ভাৰত অভিযানৰ অধীনত সংকল্প গ্ৰহণ কৰে। তেওঁলোকে ভাৰতক নিচামুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ জিলাখনৰ কেইবাটাও কার্যালয় তথা প্রতিষ্ঠান যেনে – মাজুলী জিলা পৰিষদ, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিষয়াৰ কাৰ্যালয় আদিত নিচামুক্ত ভাৰতৰ সংকল্প গ্ৰহণ কৰা হয় ৷ গোৱালপাৰা জিলা সমাজ কল্যাণ বিভাগেও আজি গোৱালপাৰা মহাবিদ্যালয় খেল পথাৰত এই অভিযানৰ অংশ হিচাপে ছোৱালীৰ কাবাড়ী প্ৰতিযোগিতা অনুষ্ঠিত কৰে। কেইবাখনো মহাবিদ্যালয় তথা বিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত গোৱালপাৰা মহাবিদ্যালয়ৰ ছোৱালী দলে চেম্পিয়ন আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ দলে ৰাণাৰ্ছ আপৰ খিতাপ দখল কৰে। এই অনুষ্ঠানতে ছাত্ৰীসকলক নিচাযুক্ত দ্ৰব্য পৰিহাৰ সম্পর্কে শপত বাক্য পাঠ কৰোৱা হয়।
Site Admin | August 12, 2024 7:39 PM | Assam Govt | Majuli
ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি
