ডাউনলোড
মোবাইল এপ

android apple
signal

November 2, 2024 12:45 PM | Assam Govt

printer

কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কাইলৈৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হব। অসমীয়া ভাষাই লাভ কৰা ধ্ৰুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত ভাষা বিষয়ক বিভিন্ন কর্মসূচীও গ্ৰহণ কৰা হব। ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে- চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপন, প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্ৰুপদী অসমীয়া শীৰ্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণ আৰু অসমীয়াৰ উপৰি ৰাজ্যৰ অন্যান্য সৰু-বৰ ভাষাৰ বিকাশ-বিৱৰ্তন সন্দৰ্ভত তথ্যপূর্ণ আলোচনা। ভাষা গৌৰৱ সপ্তাহৰ এটা প্ৰধান কাৰ্যসূচী হিচাপে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰা হব। এই সপ্তাহ উদযাপনৰ লগত সংগতি ৰাখি অসমীয়াকে ধৰি ৰাজ্যৰ ১৪ টা ভাষাত শৈক্ষিক প্রতিযোগিতা অনুষ্ঠিত হব। কাইলৈ গুৱাহাটীত ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ মূল কাৰ্যসূচীৰ আৰম্ভণি হব। এই উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১ বজাৰ পৰা হবলগীয়া এই অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ আন আন মন্ত্ৰীসকল বিভিন্ন জিলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠান-প্রতিষ্ঠানে নিজাববীয়াকৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক