October 22, 2024 6:34 PM | Assam Govt

printer

জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ অসম চৰকাৰৰ

অসম চৰকাৰে জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা সহজতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চাৰি শতাধিক নাগৰিক সেৱা, ২১৯ টা ব্যৱসায়িক সেৱা আৰু ১৩ টা উপযোগিতা সেৱাৰ সৈতে ৭৫ লাখ আবেদন ডিজিটেলী দাখিল কৰা হৈছে। এই আবেদনসমূহৰ ৮৮ শতাংশ নিষ্পত্তি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে এই সেৱাসমূহ সুচল হোৱাৰ ফলত চৰকাৰী খণ্ডত সংস্কাৰ সাধন হোৱাৰ লগতে বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো সফলতা লাভ কৰা হৈছে। তদুপৰি জনসাধাৰণৰ ওজৰ-আপত্তিৰ আবেদন আৰু নিষ্পত্তিকৰণ অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। তদুপৰি ৯৫ শতাংশ আবেদনকাৰীয়ে এই সেৱাৰ দ্বাৰা সন্তুষ্টি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক