October 14, 2024 12:15 PM | Assam Govt

printer

ৰাজ্যত শীঘ্ৰে ১৭ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণ

অসম চৰকাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ে দেখুওৱা আৰ্হি অনুসৰি ৰাজ্যখনত ১৭ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় শীঘ্ৰে নিৰ্মাণ কৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই বিদ্যালয় স্থাপনৰ বাবে ৫০ শতাংশতকৈ অধিক অনুসূচীত জনজাতিৰ লোক থকা খণ্ডসমূহ বাচনি কৰা হৈছে। এই বিদ্যালয়সমূহ বাক্সা জিলাৰ দলবাৰী, জালাহ আৰু সৰুপেটা, বৰপেটাৰ খৰাধৰা, কাৰ্বি আংলঙৰ হাওৰাঘাট আৰু চিলনীজান, পশ্চিম কাৰ্বি আংলঙৰ দংকা, গোৱালপাৰাৰ দুধনৈ, কামৰূপৰ বকো, ওদালগুৰিৰ খৈৰাবাৰী, কোকৰাঝাৰৰ বেদলাংমাৰি, ডিমা হাচাওৰ আবদাওপুৰ, মাহুৰ আৰু হাৰাঙ্গাজাওত স্থাপন কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক