October 14, 2024 11:51 AM | Assam Govt

printer

অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন

অসম চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্রীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কর্মৰ প্রতি শ্রদ্ধা নিবেদন কৰা হব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণে অসমীয়া ভাষাক দিয়া যথাযোগ্য স্বীকৃতিৰ বাবে প্রধানমন্ত্রী মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক