ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদ আৰু মেট্ৰিক পৰ্যায়ৰ চালকৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ অহা ১৬ ছেপ্তেম্বৰৰ পৰা প্ৰদান কৰা হ‘ব। এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা এখন জাননী অনুযায়ী ১৬ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ পৰা অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in আৰু অসম মাধ্যমিক পৰিষদৰ ৱেবছাইট www.site.sebaonline.org ৰ জৰিয়তে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰসমূহ ডাউনল‘ড কৰিব পাৰিব। লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কার্ড, ড্রাইভিং লাইচেন্স, ভোটাৰ কাৰ্ডকে ধৰি নিৰ্ধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ দেখুওৱাব লাগিব। আয়োগে লগতে প্ৰৱেশ পত্ৰত সন্নিবিষ্ট হৈ থকা নীতি-নিৰ্দেশনাসমূহ প্রার্থীসকলে মানি চলিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে। উল্লেখযোগ্য যে ২৯ ছেপ্তেম্বৰৰ দিনা আগবেলা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পাছবেলা দুপৰীয়া ডেৰ বজাৰ পৰা বিয়লি চাৰে ৪ বজালৈ মেট্ৰিক পৰ্যায়ৰ চালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ‘ব। সংশ্লিষ্ট কর্তৃপক্ষই দিয়া তথ্য অনুযায়ী স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ ৪ হাজাৰ ৫৫টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালকৰ ৪১৮টা পদৰ বাবে ২ লাখ ৪ হাজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ‘ব।
Site Admin | September 14, 2024 6:49 PM | Assam govt requitment