কাইলৈ হ‘বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি যোৰহাট জিলাত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে নিয়োজিত পর্যবেক্ষকে আজি জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ পৰ্যবেক্ষকগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা কেন্দ্ৰসমূহৰ সীমা, পৰীক্ষা কোঠা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, যাতায়াত ব্যৱস্থা ইত্যাদি বিষয়সমূহৰ পুংখানুপুংখ আলোচনা কৰা হয়। ইয়াৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দৰে আইন শৃংখলাজনিত বিষয়ৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। শিৱসাগৰ জিলাত শিৱসাগৰ পৌৰ সভাৰ অধীনত এক নম্বৰ ৱাৰ্ডৰ ধাইআলিত প্ৰতি দেওবাৰে বহা কৃষক বজাৰখন কাইলৈ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুব্যৱস্থাৰ বাবে বজাৰ এলেকাৰ পথৰ কাষত দোকান, পোহাৰ বহিবৰ বাবে অনুমতি প্ৰদান কৰা নহ‘ব বুলি শিৱসাগৰ পৌৰ সভাই এখন জাননী জাৰি কৰিছে। বাক্সা জিলাতো সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে জিলা প্রশাসনে কেতবোৰ নিৰ্দেশনাৱলী জাৰি কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৪৫টা কেন্দ্ৰত অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাত প্ৰায় ২০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ‘ব। জিলাখনৰ দুটা সংবেদনশীল কেন্দ্ৰত জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। নিয়াৰিকৈ পৰীক্ষা পৰিচালনা কৰিবৰ বাবে ফ্লায়িং স্কোৱাৰ্ড আৰু ভ্ৰাম্যমান চিকিৎসা ব্যৱস্থা লোৱা হৈছে। উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন, যিকোনো ইলেকট্রনিক সঁজুলি, ঘড়ী, ইলেকট্রনিক পেন, স্কেনাৰ, ব্লুটুথ, এয়াৰফোন, মাইক্রফোন, কেলকুলেটৰ, পেনড্রাইভ আৰু অন্যান্য সংৰক্ষণ মাধ্যমৰ যন্ত্ৰসমূহ নিষিদ্ধ কৰাৰ লগতে কেন্দ্ৰসমূহৰ ৱাইফাই ব্যৱস্থাও বন্ধ থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। দৰং জিলাতো প্রায় ৪১ হাজাৰ প্ৰাৰ্থীয়ে মুঠ ৭৭টা কেন্দ্ৰত এই পৰীক্ষাত অৱতীৰ্ণ হ‘ব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬২ নম্বৰ ধাৰাৰ অধীনত জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা আৰু নিয়মাৱলী জাৰি কৰিছে। ইফালে জিলা পৰিবহণ বিষয়াই জনোৱা মতে পৰিবহণ বিভাগে পৰীক্ষা কেন্দ্ৰত উপস্থিত হওঁতে প্রার্থীসকলে যাতে যাতায়াতত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । কৰিমগঞ্জত পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা কেন্দ্ৰলৈ সুচাৰুৰূপে আগমন সুনিশ্চিত কৰিবৰ বাবে কৰিমগঞ্জ চক্ৰ বিষয়াই কৰিমগঞ্জ মহাবিদ্যালয়ৰ সন্মুখকে ধৰি বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহৰ নিকটৱৰ্তী পথৰ অস্থায়ী বজাৰসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নির্দেশনা অনুসৰি দেওবাৰে পুৱা ৪ বজাৰ পৰা বিয়লি ৫ বজালৈ অঞ্চলটোৰ পথৰ কাষৰ অস্থায়ী বজাৰসমূহ বন্ধ থাকিব। ইয়াৰ উপৰি কোনোধৰণৰ বাহন ন-পার্কিং জ’নত নাৰাখিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে।
Site Admin | September 14, 2024 8:16 PM | Assam govt recuitment