অহা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা বিভিন্ন জিলাত সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হোৱাৰ লগতে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰপেটা জিলাত এই পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি আৰক্ষী প্ৰশাসনৰ লগত জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি পৰীক্ষা কেন্দ্ৰবোৰো পৰ্যবেক্ষণ কৰা হয়। জিলা আয়ুক্ত আয়ুষ গাৰ্গে কেইবাটাও কেন্দ্ৰ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। একেদৰে কেইবাজনো অতিৰিক্ত জিলা আয়ুক্তই আন একাংশ কেন্দ্ৰ পৰিদৰ্শন কৰে। সমান্তৰালভাৱে আৰক্ষীয়েও পৰীক্ষা কেন্দ্ৰবোৰৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে কেন্দ্ৰবোৰৰ অধীনৰ আৰক্ষী থানাবোৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত নিয়মীয়া বৈঠক অনুষ্ঠিত কৰা হৈছে। আনহাতে, চৰাইদেউ জিলাত আগন্তুক ১৫ আৰু ২৯ ছেপ্তেম্বৰ তথা ২৭ অক্টোবৰত জিলাখনত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পৰীক্ষা সুচাৰু ৰূপে অনুষ্ঠিত কৰাৰ বাবে চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে তৎপৰতা গ্ৰহণ কৰিছে। সেই অনুসৰি অসম শক্তি বিতৰণ নিগম লিমিটেডৰ চৰাইদেউ, মৰাণ আৰু ডিমৌ বৈদ্যুতিক উপ সংমণ্ডলৰ উপ-মাগুলিক অভিযন্তাক পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ দিনা নিৰৱিচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে এক পত্রযোগে নিৰ্দেশ প্রদান কৰিছে। পৰীক্ষাৰ প্ৰক্ৰিয়া শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে পথৰ দাঁতিত বহা হাট-বজাৰ বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। অনুকূল বাতাবৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত তথা যাঁন-জট ৰোধৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। কৰিমগঞ্জ জিলাত এই পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে পৰীক্ষা কেন্দ্ৰকে ধৰি সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ সৈতে জড়িত শিক্ষক-কর্মচাৰীৰ ছুটি বাতিল কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ ২০ হাজাৰ ৭২০গৰাকী পৰিক্ষাৰ্থীয়ে ৩৯টা কেন্দ্ৰত এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। বঙাইগাঁও জিলাত এই পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগত সংযোজিত কোঠাত এই নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। যিকোনো অবাঞ্ছিত পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাকৈ স্থাপন কৰা এই নিয়ন্ত্রণ কক্ষটোৰ ফোন নম্বৰ হৈছে ৭০৮৬৭-৯৩৫০৭। শোণিতপুৰ জিলাত এই পৰীক্ষা সুচাৰুৰূপে আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ আশে-পাশে থকা দৈনিক তথা সাপ্তাহিক বজাৰসমূহ অহা ১৫ ছেপ্তেম্বৰ দেওবাৰে বন্ধ ঘোষণা কৰিছে। সেই অনুসৰি জিলাখনৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ঢেকিয়াজুলি চহৰৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জামুগুৰিহাটৰ দেওবৰীয়া সাপ্তাহিক বজাৰ, ঠেলামাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী সাপ্তাহিক বজাৰ, চাৰি দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খেলমাটি আদাবাৰী সাপ্তাহিক বজাৰ, তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহাভৈৰৱ বজাৰ, চানমাৰি বজাৰ, বৌ বজাৰ, লাচিত শ্বপ আৰু দোলাবাৰী বজাৰ বন্ধ থাকিব। কোকৰাঝাৰ জিলাত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা দণ্ডাধীশ প্রদীপ কুমাৰ দ্বিবেদীয়ে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থীৰ অভিভাৱকসকলকে ধৰি আন ব্যক্তিক পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষাৰ দিনকেইটাত পৰীক্ষা কেন্দ্ৰসমূহৰ কাষত উচ্চ প্রাবল্যৰ শব্দৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।
Site Admin | September 12, 2024 7:56 PM | Assam govt recuitment