July 8, 2024 8:39 PM | Assam Govt

printer

৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি আৰু অধিক সংৰক্ষিত বনাঞ্চল এলেকা নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা লৈ কাম-কাজ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্রকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ৩০ টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা লৈছে। ইয়াৰ ফলত জীৱ-জন্তু সমূহৰো সুৰক্ষা নিশ্চিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ড° শৰ্মাই আজি এই সন্দৰ্ভত প্ৰস্তাৱসমূহ আলোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক