গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ ৮টা স্থানত ডেংগু পৰীক্ষা কেন্দ্ৰ তথা ফ’গিঙৰ সুবিধাৰ বাবে কেইবাটাও যোগাযোগ নম্বৰ মুকলি কৰা হৈছে। মহানগৰীৰ ভাস্কৰনগৰ, ৰংমিলি পথ, মিলিজুলি পথ, গীতানগৰ, কলনি বজাৰ, কৃষ্ণ নগৰ, গণেশপাৰা আদি অঞ্চলসমূহত ফ’গিঙৰ বাবে ৰাইজে ৭০৮৬৬-৪১৪৬৩ বা ৮৬৩৮৮-৮৩৯৬৯ নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে ধীৰেনপাৰা, হাতীগড় চাৰিআলি, মঠঘৰীয়া, পূব গুৱাহাটী, কৃষ্ণনগৰ, ওদালবাক্রা, ফটাশিল আমবাৰী আৰু পাণ্ডুৰ বিভিন্ন ৰাজ্যিক চিকিৎসালয় তথা প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ডেংগু পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। লগতে এটা প্ৰেছ বিজ্ঞপ্তিযোগে অতিমাত্ৰা জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকু ৰঙা পৰা নাক আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি সমস্যাত ভূগিলেই ততালিকে নিকটৱৰ্তী স্বাস্থ্যকেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
Site Admin | October 26, 2024 1:28 PM | assam ghy dengue