ৰাজ্যত বানৰ ফলত বৰ্তমানলৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে

■ ৰাজ্যত বানৰ ফলত এতিয়ালৈকে ৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ ২৬ খন জিলাৰ প্ৰায় ১৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিত জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪ খন গাঁও আৰু ১৮ হাজাৰ ২৩১.৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে।
এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্রকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্রিক বান পৰিস্থিত ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন শিৱিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি ২০১৭ চনৰ বানত ২৪টা গঁড়কে ধৰি মুঠ ২৯১টা বন্য জীৱৰ প্ৰাণ নাশ হৈছিল। একেদৰে উদ্যানখতন ২০১৯ চনৰ বানত ২১টা গঁড়সহ ২২৩টা বন্য জীৱ আৰু ২০২০ চনত ১৯টা গঁড়সহ ১৫৭টা জীৱ-জন্তু মৃত্যু মুখত পৰিছিল। আনহাতে উদ্যানখনত ২০২১ চনত বানৰ ফলত ৪টা গঁড়সহ ২৬টা জীৱ-জন্তু, ২০২২ চনত ১৯টা জীৱ-জন্তু আৰু ২০২৩ চনত ৭টা গঁড়সহ মুঠ ২৯টা জীৱ-জন্তুৰ মৃত্যু ঘটিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত ২০১৭ চনত বাহনৰ খুন্দাত তিনিটা, ২০১৯ চনত ১৭টা, ২০২০৩ ২২টা, ২০২১৩ ১৭টা আৰু ২০২২ তথা ২০২৩ চনত ৯টাকৈ জীৱ-জন্তুৰ প্ৰাণ নাশ হৈছিল।

অধিক পঢ়ক

সকলো চাওক