ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে সাহায্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰে। ইপিনে, কলিয়াবৰ হাতীমূৰা বান্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে চিঙি পেলোৱা তথা জিলাখনত হৈ থকা বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি কলিয়াবৰত এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলাখনৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, মহকুমাধিপতি আৰু অতিৰিক্ত আয়ুক্তসকল উপস্থিত থাকে।

Image
যোৰহাট জিলাতো ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে। শিৱসাগৰ জিলাতো প্ৰায়বোৰ নদীয়ে জলস্তৰ বৃদ্ধি পোৱাত জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ ৫৫খন গাঁও বানৰ কবলত পৰিছে। প্ৰশাসনে যুদ্ধশালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এন ডি আৰ এফ বাহিনীৰ ৰবৰৰ নাৱৰেৰে বানাক্ৰান্ত অঞ্চলসমূহৰ পৰা মহিলা তথা শিশুসকলৰ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আনহাতে, ক্ষতিগ্রস্ত লোকসকলে যাতে বিশুদ্ধ খোৱাপানী, খাদ্যৰ লগতে নিৰাপদ আশ্রয় লাভ কৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্রস্ত লোকসকলৰ উদ্ধাৰ, পুনৰ সংস্থাপন, সাহায্য আদি ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল’বলৈ প্ৰশাসনক নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক