July 5, 2024 12:29 PM | Assam Flood

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ সকলো প্ৰচেষ্টা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে, ব্ৰহ্মপুত্ৰৰ উভতনি সোঁতে পাণ্ডুৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। জনসাধাৰণে এই সমস্যাৰ সমাধানৰ বাবে এখন শ্লুইচ গে’ট বিচৰা বুলি উল্লেখ কৰি এই কথা বিবেচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। ইয়াৰ পিছতে তেওঁ বানপীড়িত মাজুলী ভ্ৰমণ কৰি নদী দ্বীপটোত বানে কৰা ক্ষয়-ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে কঢ়াল গাঁৱত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ সমীপৰ হালধিবাৰী বেচামৰা মথাউৰিটো পৰিদৰ্শন কৰে। ইয়াৰ পিছতে তেওঁ জুগুনিধাৰী গাঁও পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে জুগুনিধাৰী আলিমূৰ মথাউৰিটোৰ ক্ষতি কৰাৰ ফলত মাজুলী ৰাজহচক্ৰৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা ৰাজিৰ বুজ লোৱাৰ উপৰি জিঅ’ বেগ ব্যৱহাৰ কৰি অঞ্চলটোৰ বান পৰিস্তিতি স্বাভাৱিক কৰাৰ ব্যৱস্থা ল’বলৈ জলসম্পদ বিভাগক নির্দেশ দিয়ে। তেওঁ কয় যে, অঞ্চলটোৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ সুঁতিটোৰ প্ৰকৃতি অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীৰ সহায় ল’ব আৰু সেই স্থানত এটা অধিক শক্তিশালী মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টা চলাব। মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ যোৱাৰ পথত ধেমাজি জিলাৰ চিচিবৰ গাঁৱত শুইছ গেট পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঢকুৱাখনাৰ মাটমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বান্দানাত উপস্থিত হৈ জিঅ’ টিউব ব্যৱহাৰ কৰি নিৰ্মাণ কৰা মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ লগতে খহনীয়া প্ৰতিৰোধী কাৰ্যৰ বাবে ৯০ কোটি টকা ব্যয় সাপেক্ষ এটা আঁচনি কাৰ্যকৰীকৰণৰ আশ্বাস দিয়ে। মুখ্যমন্ত্রী শর্মাই আজি ডিব্ৰুগড়ৰ কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক